এম. ফিল. পাঠ্যক্ৰমৰ শুভাৰম্ভ
2020-12-24
নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগত আজি এম. ফিল. পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰা হয়। বিভাগৰ বৰ্তমানৰ মুৰব্বী ডঃ অৰবিন্দ ৰাজখোৱাই আঁত ধৰা আৰু প্ৰাক্তন মুৰব্বী লিলি চেলেঙে সভাপতিত্ব কৰা অনুষ্ঠানটোত 'গৱেষকৰ দায়িত্ব আৰু কৰ্তব্য' শীৰ্ষক বক্তৃতা প্ৰদান কৰে বিশিষ্ট শিক্ষাবিদ তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ মুকুন্দ ৰাজবংশীয়ে। অনুষ্ঠানত অধ্যক্ষ ডঃ বিমান চন্দ্ৰ চেতিয়াই এটা প্ৰেৰণামূলক ভাষণ প্ৰদান কৰে। মহাবিদ্যালয়ৰ সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক ডঃ চন্দ্ৰ মানচেই অসমীয়া বিভাগৰ এই সবল পদক্ষেপৰ শলাগ লয়। সভাত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অসমীয়া বিভাগৰ ক্ৰমে ডঃ ধনৰঞ্জন কলিতা, ডঃ হেমন্ত শৰ্মা, মুনমী দত্ত, ডঃ বিশ্ব হাজৰিকা, পৰেশ খনিকৰ আৰু অসীম শইকীয়া উপস্থিত থাকে। উল্লেখ্য যে বিশ্ববিদ্যালয় অনুদান আয়োগৰপৰা স্বায়ত্তশাসনৰ মৰ্যাদা লাভ কৰা মহাবিদ্যালয়সমূহে যোগ্যতা অনুসৰি এম. ফিল. পাঠ্যক্ৰম আৰম্ভ কৰিব পাৰে। সেই অনুসৰি ভাৰতবৰ্ষৰ শতাধিক মহাবিদ্যালয়ত এম.ফিল. পাঠ্যক্ৰম আছে। কিন্তু উত্তৰ-পূব ভাৰতত নৰ্থ লখিমপুৰ কলেজে(অসমীয়া বিভাগ)ই হ'ব এই ক্ষেত্ৰত বাটকটীয়া। চলিত শিক্ষাবৰ্ষত কলেজখনৰ অসমীয়া বিভাগে 6 গৰাকী গৱেষকক এম.ফিল. ডিগ্ৰীৰ বাবে নামভৰ্তিৰ সুযোগ প্ৰদান কৰিছে।
